Tag: দীৰ্ঘদিনীয়া দখল

  • পৈতৃক মাটিত এজনে দীৰ্ঘদিন ধৰি দখল কৰিলেই বাকী উত্তৰাধিকাৰীৰ অধিকাৰ শেষ হয় যায় নেকি?

    পিতৃৰ মৃত্যুৰ পিছত এজন পুত্ৰই উত্তৰাধিকাৰী মাটি দীৰ্ঘদিন ধৰি দখল কৰি থাকিলে আন ভাই-ভনীৰ অধিকাৰ শেষ হয়নে? এই বিষয়ত কেৱল দখলৰ সময়সীমাই নিৰ্ণায়ক নহয়।

    পৈতৃক সম্পত্তি বা মাটিৰ ভাগ-বতৰাক লৈ আমাৰ সমাজত বিবাদ প্ৰায়ে দেখা যায়। বহু সময়ত কোনো এজন
    উত্তৰাধিকাৰীয়ে মাটিখিনিত দীৰ্ঘদিন ধৰি বসবাস কৰে,খেতি কৰে বা ভোগ-দখল কৰি থাকে। আন উত্তৰাধিকাৰীসকল
    হয়তো চাকৰি বা ব্যৱসায়ৰ বাবে আন ঠাইত থাকে। এনে পৰিস্থিতিত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয়—

    কেৱল দীৰ্ঘদিনীয়া দখলৰ ভিত্তিত বাকী উত্তৰাধিকাৰীসকলৰ
    আইনগত অধিকাৰ শেষ হৈ যাব পাৰেনেকি?

    সাধাৰণতে, নোৱাৰে।
    কিন্তু বিষয়টো নিৰ্ভৰ কৰে সম্পত্তিৰ স্বত্ব, উত্তৰাধিকাৰীৰ প্ৰাপ্য অংশ, পূৰ্বৰ ভাগ-বতৰা আৰু দখলৰ প্ৰকৃতিৰ ওপৰত।

    সহ-মালিকীস্বত্বৰ নীতি

    কোনো ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তি একাধিক বৈধ উত্তৰাধিকাৰীৰ মাজত আইন অনুসৰি উত্তৰাধিকাৰ
    সূত্ৰে আহিব পাৰে। সম্পত্তিৰ আইনগত ভাগ-বতৰা নোহোৱালৈকে তেওঁলোকৰ মাজত সহ-মালিকীস্বত্ব থাকিব পাৰে।এজন উত্তৰাধিকাৰীয়ে সম্পত্তিৰ এটা অংশত বা সমগ্ৰ সম্পত্তিতে দখল কৰি আছে বুলিয়েই তেওঁ স্বয়ংক্ৰিয়ভাৱে একমাত্ৰ মালিক হৈ নাযায়। আন উত্তৰাধিকাৰীসকলৰ অধিকাৰো কেৱল সেই দখলৰ বাবে নোহোৱা নহয়।

    অৱশ্যে, সকলো উত্তৰাধিকাৰীৰ অংশ সদায় সমান হ’ব বুলি ধৰি ল’ব নোৱাৰি। প্ৰাপ্য অংশ নিৰ্ভৰ কৰে প্ৰযোজ্য উত্তৰাধিকাৰ আইন, সম্পত্তিৰ স্বত্ব আৰু পূৰ্বতে হোৱা বৈধ হস্তান্তৰ বা ভাগ-বতৰা আদিৰ ওপৰত।

    Adverse Possession বা প্ৰতিকূল দখল

    এই ক্ষেত্ৰত “Adverse Possession” বা প্ৰতিকূল দখলৰ দৰে বিষয়ো প্ৰাসংগিক হব পাৰে। সাধাৰণতে মানুহৰ মাজত এটা ধাৰণা আছে যে কোনো মাটিত ১২ বছৰ দখল কৰি থাকিলেই সেই মাটিৰ মালিক হৈ যায়। কিন্তু কেৱল ১২ বছৰ দখলত থকাটোৱেই মালিকীস্বত্ব লাভ কৰাৰ নিশ্চয়তা নহয়।

    সহ-উত্তৰাধিকাৰীসকলৰ মাজত প্ৰতিকূল দখলৰ দাবী উঠিলে দখলৰ সময়সীমাৰ লগতে দখলৰ প্ৰকৃতি আৰু আন
    সহ-মালিকসকলৰ অধিকাৰৰ সৈতে তাৰ সম্পৰ্কও গুৰুত্বপূৰ্ণ। সাধাৰণতে এজন সহ-উত্তৰাধিকাৰীৰ দখলক আন
    সহ-উত্তৰাধিকাৰীসকলৰ অধিকাৰৰ বিৰুদ্ধে বুলি স্বয়ংক্ৰিয়ভাৱে ধৰা নহয়। প্ৰতিকূল দখলৰ দাবী কৰা ব্যক্তিয়ে স্পষ্টভাৱে দেখুৱাব লাগিব যে—

    • তেওঁ আন সহ-মালিকসকলৰ স্বত্ব অস্বীকাৰ কৰি নিজৰ একক স্বত্ব দাবী কৰিছিল।
    • তেওঁৰ দখল কেৱল নিজৰ অংশৰ ভোগ-দখল নাছিল, বৰং আন সহ-মালিকসকলৰ অধিকাৰৰ প্ৰতি প্ৰতিকূল আছিল।
    • আন সহ-মালিকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা বা ouster কৰাৰ স্পষ্ট প্ৰমাণ আছে।
    • এনে প্ৰতিকূল দাবী আন সহ-মালিকসকলৰ জ্ঞাত হৈছিল আৰু প্ৰযোজ্য আইনৰ সময়সীমা পূৰণ হৈছিল।

    যদি কোনো উত্তৰাধিকাৰীয়ে পৰিয়ালৰ পাৰস্পৰিক বুজাবুজি বা সন্মতি অনুসৰি মাটিত ঘৰ সাজি, খেতি কৰি
    বা বসবাস কৰি থাকে, তেন্তে কেৱল সেই কাৰণতে তেওঁৰ দখলক প্ৰতিকূল দখল বুলি ক’ব নোৱাৰি। অৱশ্যে,
    পৰৱৰ্তী সময়ত দখলৰ চৰিত্ৰ স্পষ্টভাৱে সলনি হোৱা আৰু আইনগত চৰ্ত পূৰণ হোৱাৰ প্ৰমাণ থাকিলে
    বিষয়টো পৃথক হ’ব পাৰে।

    এটা উদাহৰণেৰে বুজো আহকঃ

    ধৰি লওক, মহেন্দ্ৰ নামৰ এজন ব্যক্তিয়ে উইল নকৰাকৈ মৃত্যুবৰণ কৰিলে। তেওঁৰ তিনিজন পুত্ৰ—ক, খ আৰু গ। ধৰি লওক, প্ৰযোজ্য উত্তৰাধিকাৰ আইন অনুসৰি তেওঁলোকৰ প্ৰত্যেকৰে সমান অংশ আছে আৰু আন কোনো ব্যক্তি
    বা পূৰ্বৰ হস্তান্তৰৰ বিষয় নাই। মহেন্দ্ৰৰ মৃত্যুৰ পিছত ‘ক’ গাঁৱৰ ঘৰত থাকি গোটেই মাটিখিনি ২০ বছৰ ধৰি ভোগ-দখল কৰি আহিছে। আনহাতে, ‘খ’ আৰু ‘গ’ চাকৰি বা ব্যৱসায়ৰ বাবে চহৰত থাকে।

    এই ক্ষেত্ৰত কেৱল ২০ বছৰ পাৰ হ’ল বুলিয়েই ‘খ’ আৰু ‘গ’-ৰ আইনগত অংশ স্বয়ংক্ৰিয়ভাৱে শেষ হৈ নাযায়।

    যদি ‘ক’-এ প্ৰতিকূল দখল বা আন কোনো আইনগত ভিত্তিত একক স্বত্বৰ দাবী কৰে, তেন্তে সেই দাবী প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিব। আনহাতে, ‘খ’ আৰু ‘গ’-ৰ প্ৰাপ্য অংশ আৰু তেওঁলোকে বিচৰা আইনী প্ৰতিকাৰৰ বিষয়টোও সম্পত্তিৰ
    নথি-পত্ৰ, পূৰ্বৰ ভাগ-বতৰা আৰু প্ৰযোজ্য আইনৰ ভিত্তিত নিৰ্ধাৰিত হ’ব।

    সেয়েহে, আদালতে সম্পত্তি তিনিভাগ কৰিয়েই দিব বুলি আগতীয়াকৈ নিশ্চিতকৈ ক’ব নোৱাৰি। আদালতে
    প্ৰথমে প্ৰকৃত স্বত্ব, বৈধ অংশ আৰু প্ৰাসংগিক তথ্য-প্ৰমাণ বিবেচনা কৰিব।

    আদালতে এই বিষয়ে কি কৈছে ?

    গুৱাহাটী উচ্চ ন্যায়ালয়ে Bapuram Dutta & Anr. v. Smt. Himeswari Bora & Ors. গোচৰত স্পষ্ট কৰিছে যে, সহ-উত্তৰাধিকাৰীৰ দীৰ্ঘদিনীয়া দখলৰ বাবেই আন উত্তৰাধিকাৰীৰ অধিকাৰ স্বয়ংক্ৰিয়ভাৱে শেষ নহয়। কেৱল ১২ বছৰৰ দখলেই যথেষ্ট নহয়। আন সহ-উত্তৰাধিকাৰীৰ বিৰুদ্ধে বিৰোধী মালিকীস্বত্বৰ স্পষ্ট দাবী, একচেটিয়া দখল আৰু সেই দাবীৰ বিষয়ে আনজনৰ জ্ঞাত হোৱা আদি বিষয় প্ৰমাণিত হ’ব লাগিব।

    Legal Reference: Bapuram Dutta & Anr. v. Smt. Himeswari Bora & Ors., Gauhati High Court, Second Appeal No. 104 of 1984, decided on 4 April 1991.

    মূল কথা

    সেয়েহে পৈতৃক মাটিত এজন উত্তৰাধিকাৰীয়ে দীৰ্ঘদিন ধৰি দখল কৰি আছে বুলিয়েই বাকী
    উত্তৰাধিকাৰীসকলৰ আইনগত অধিকাৰ স্বয়ংক্ৰিয়ভাৱে শেষ হৈ নাযায়।

    প্ৰতিকূল দখলৰ দাবী উঠিলে কেৱল বছৰ গণনা কৰাই যথেষ্ট নহয়। দখলৰ প্ৰকৃতি, আন সহ-মালিকসকলৰ
    অধিকাৰ অস্বীকাৰ কৰা হৈছিল নে নাই, তেওঁলোকক বঞ্চিত কৰাৰ প্ৰমাণ আৰু প্ৰযোজ্য আইনৰ সময়সীমা—এই সকলোবোৰ গুৰুত্বপূৰ্ণ।

    সম্পত্তিৰ স্বত্ব, উত্তৰাধিকাৰ আৰু পূৰ্বৰ ভাগ-বতৰাৰ তথ্য অনুসৰি আইনগত অধিকাৰ আৰু প্ৰতিকাৰৰ বিষয়টো নিৰ্ধাৰিত হয়।

    Disclaimer: এই লেখা শিক্ষামূলক আৰু সজাগতাৰ বাবে প্ৰস্তুত কৰা হৈছে; ই কোনো নিৰ্দিষ্ট গোচৰৰ ব্যক্তিগত আইনী পৰামৰ্শ নহয়।